অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু চীনৰ কোনো অস্বীকাৰে এই বাস্তৱতাক সলনি কৰিব নোৱাৰে বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য সন্দৰ্ভত সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে জনাইছে যে, অৰুণাচল প্ৰদেশৰ এজন ভাৰতীয় নাগৰিকক আটক কৰাৰ বিষয়টোক গুৰুত্ব সহকাৰে লোৱা হৈছে। ভাৰতীয় নাগৰিকগৰাকীৰ হাতত বৈধ পাছপ’ৰ্ট আছিল আৰু চাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ জাপানলৈ যাত্ৰা কৰি আছিল। জয়ছৱালে কয়, যে চীন কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় বিমান যাত্রা নিয়ন্ত্রণ কৰা কেইবাটাও নীতি উলংঘা কৰা তেওঁলোকৰ পদক্ষেপৰ কোনো উপযুক্ত ব্যাখ্যা এতিয়ালৈ আগবঢ়াব পৰা নাই। লগতে চীন কৰ্তৃপক্ষৰ এই কাৰ্যই সকলো দেশৰ নাগৰিকৰ বাবে ২৪ ঘণ্টালৈকে বিনামূলীয়া ভিছা ট্ৰেনজিটৰ অনুমতি দিয়া তেওঁলোকৰ নিজৰ নিয়মকো উলংঘা কৰিছে।
Site Admin | November 26, 2025 12:05 PM | External Affairs
অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়