অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ কালি ৰাজ্য চৰকাৰে পৰিয়ালৰ লোকক অর্পণ কৰাৰ লগতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে। দুর্ঘটনাত মৃত্যু হোৱা ৬ গৰাকী লোকৰ মৃতদেহ পৰিয়ালৰ লোকক অর্পণ কৰি মন্ত্ৰী বিমল বৰাই শ্রদ্ধাঞ্জলি জ্ঞাপন করে।
উল্লেখযোগ্য যে কালি দিনটোৰ উদ্ধাৰ অভিযানৰ অন্তত দুর্ঘটনাস্থলীৰ পৰা ১১ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই দুর্ঘটনাটোত আঘাতপ্রাপ্ত হোৱা শ্রমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীবিত অবস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্র শ্রমিক। শোকাবহ দুর্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়ালৰ বাসগৃহত কালি নিশা উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণৰ সম্পাদক সমীৰণ ফুকনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেওঁ শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তা দিশটো গুৰুত্বসহকাৰে চৰকাৰে বিবেচনা কৰিব লাগে বুলি দাবী উত্থাপন কৰে।