অৰুণাচল প্ৰদেশৰ আনজাও জিলাত হোৱা এটা পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমসমূহে আজি ইটানগৰত প্ৰকাশ কৰা মতে পাহাৰীয়া অঞ্চলৰ পৰা শ্রমিক কঢ়িয়াই অনা এখন ডাম্পাৰ ৰাজ্যখনৰ হায়ুলিয়াং-ছাল্লাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বাহনখনত অসমৰ কমেও ২১ গৰাকী শ্রমিক আছিল। ঘটনাৰ পাছতেই স্থানীয় প্রশাসন আৰু এন ডি আব এফে শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে অসম আৰক্ষীৰ সৈতে এই অভিযানত সহায়ৰ বাবে যোগাযোগ ৰক্ষা কৰি আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্রয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
Site Admin | December 11, 2025 7:40 PM | Accident
অৰুণাচল প্ৰদেশৰ আনজাওত পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিক, কেইবাজনৰ মৃত্যু