প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো’ জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগম চমুকৈ নিপকো আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ’ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ চি অমি জিলাৰ চিঅ’মত নিৰ্মাণ কৰিবলগীয়া হেঅ’ জলবিদ্যুৎ প্রকল্পত ৮০ মেগাৱাটকৈ শক্তিৰ ৩ টা উৎপাদন গোট থাকিব। টাটো জলবিদ্যুৎ প্রকল্পত ৩ টাকৈ ৬২ মেগাৱাট শক্তি উৎপাদনক্ষম গোট থাকিব। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন বিকশিত ৰাষ্ট্ৰত পৰিণত হোৱাৰ ক্ষেত্ৰত সকলো ৰাজ্যৰ অৰিহণা গুৰুত্বপূৰ্ণ হ’ব। শক্তিখণ্ডত ২০৩০ চনৰ ভিতৰত ভাৰতে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা লেখতলবলগীয়া হব বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জেনেৰেল কে টি পাৰনায়ক, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
ইয়াৰ পাছত তেওঁ ইটানগৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ স্থানীয় কৰদাতা, ব্যৱসায়ী আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে।
অৰুণাচল প্ৰদেশৰ পৰা প্ৰধানমন্ত্ৰী আজি ত্ৰিপুৰালৈ যায় আৰু ত্ৰিপুৰাত প্রাসাদ আঁচনিৰ অধীনত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ চৌহদত নতুনকৈ গঢ়ি তোলা বুনিয়াদী সা-সুবিধা আৰু সৌন্দর্যবর্ধন কাৰ্য মুকলি কৰে। প্ৰধানমন্ত্রীয়ে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা আগবঢ়োৱাৰ লগতে মন্দিৰ চৌহদত আয়োজন কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।