● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে।
ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক ইয়ুং আং নেতৃত্বাধীন এন এছ চি এন কে গোটৰ শীৰ্ষ কামাণ্ডসহ ৮ জন কেডাৰ নিহত হোৱাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে যোৱা ১৬ অক্টোবৰত এন এছ চি এন কেয়ে আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছিল।