ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আদালতে ১০ লাখ টকাৰ চৰ্তসাপেক্ষ বন্দৰ বিনিময়ত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। এই ঘটনা সন্দৰ্ভত শ্ৰী কেজৰিৱালে যাতে কোনোধৰণৰ ৰাজহুৱা মতামত প্ৰকাশ নকৰে, তাৰবাবে উচ্চতম ন্যায়ালয়ে শ্রী কেজৰিৱালক চৰ্ত বান্ধি দিছে। ইয়াৰ লগতে পৰৱৰ্তী শুনানিসমূহত তেওঁ উপস্থিত থাকিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাক লৈ গঠিত দুজনীয়া বিচাৰপীঠে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই দুর্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা গোচৰৰ প্ৰত্যাহ্বান জনাই তেওঁৰ জামিনৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে পৰহি দিল্লী ন্যায়ালয়ে সুৰা নীতি, দুর্নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত ক’লা ধন বৈধকৰণ গোচৰ সন্দৰ্ভত আপৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত ২৬ জুনত অভিযুক্ত দুর্নীতি সন্দৰ্ভত চি বি আয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ১২ জুলাইত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ অন্তৱৰ্তী জামিন মঞ্জুৰ কৰে আৰু তেওঁ বৰ্তমান চি বি আইৰ ন্যায়িক জিম্মাত আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।