সংসদত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লগতে নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত দুয়ো পক্ষই আলোচনাৰ বাবে সন্মত হোৱাৰ পাছত চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজৰ অচলাৱস্থা দূৰ হৈছে। দুদিন ধৰি চলা হুলস্থূলীয়া পৰিৱেশ আৰু বিশৃংখলাতৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্যকৰী পৰামৰ্শ সমিতিৰ এখন বৈঠকত অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকতে ৮ ডিচেম্বৰত দিনৰ ১২ বজাৰ পৰা বন্দে মাতৰমৰ ডেৰশ সংখ্যক বার্ষিকী সন্দৰ্ভতো বিশেষ আলোচনা কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ডেৰশ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনা শুভাৰম্ভ কৰাৰ কথা। ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনা বিচাৰি বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূল আৰু বাৰে বাৰে সদন স্থগিত কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংসদীয় গণতন্ত্ৰত নির্বাচন প্রক্রিয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে, সকলো দলে বর্তমান আলোচনাৰ বাবে সন্মতি প্রকাশ কৰিছে। শ্ৰীৰিজিজুৱে কয়, যে নির্বাচনী আয়োগৰ সংস্কাৰসমূহ অতি ব্যাপক আৰু ই এটা প্ৰশাসনীয় বিষয়। চৰকাৰে ইয়াক পৰিচালনা কৰে আৰু সংসদত এই সম্পৰ্কে আলোচনা কৰা হয় বুলিও তেওঁ কয়।
Site Admin | December 3, 2025 12:25 PM | Akashvani | Akashvani News | Parliament Session
অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত