November 25, 2025 9:54 PM | Assam Assembly

printer

অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রীয়ে সদনক জনায় যে, অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া FAST TRACK COURT ৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। এছ আই টিয়ে বৰ্তমানলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ২৫২ জনৰ সাক্ষ্য গ্রহণ কৰাৰ লগতে ৭ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে সদনক জনাই যে অসম আৰক্ষীৰ হাতত জুবিন গাৰ্গক যে পৰিকল্পিকভাৱে হত্যা কৰা হৈছিল ইয়াৰ যথেষ্ট প্ৰমাণ আছে আৰু এই প্ৰমাণৰ ভিত্তিতেই আৰক্ষীয়ে আদালতত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নম্বৰ ধাৰা সন্নিবিষ্ট কৰিবলৈ অনুৰোধ জনাইছিল আৰু আদালতে এই অনুৰোধ গ্ৰহণ কৰে। একেটা প্রসংগতে মুখ্যমন্ত্রীয়ে কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত প্ৰায় ৮ বছৰ পুৰণি তথ্যও সন্নিবিষ্ট হৈছে। সেই অনুসৰি হত্যাৰ পৰিকল্পনা বহু আগতেই আৰম্ভ হৈছিল। প্ৰথমে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা দাখিল কৰা হ’ব। একে সময়তে তদন্তকাৰী দলে গাফিলতি আৰু বিশ্বাস ভংগৰ সম্পৰ্কীয় তদন্ত অব্যাহত ৰাখিব। মুখ্যমন্ত্ৰীৰ বক্তব্যত অসন্তুষ্ট হৈ কংগ্ৰেছ দলৰ বিধায়কসকলে সদন ত্যাগ কৰে। সদনত বিৰোধী শূন্যভাৱে শাসক পক্ষই ৫ খন নতুন আৰু ১১ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। নতুন বিধেয়কসমূহৰ ভিতৰত ২০২৫ৰ বহু বিবাহ প্ৰতিৰোধ বিধেয়ক, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, চ্যুকাফা বিশ্ববিদ্যালয়ক বিধেয়ক, অগ্নি আৰু আপাতকালীন সেৱা বিধেয়ক আৰু অসম জিলা ভূমি ন্যায়াধীকৰণ বিধেয়ক আছে। ইয়াৰ উপৰি বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন আৰু অধ্যাদেশসমূহ দাখিল কৰা হয় ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।