অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ’ব

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি ফে’চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকে দুই লাখ টকাকৈ লাভ কৰিব। তেওঁ লগতে কয়, যে স্নাতক পৰীক্ষাত উত্তীর্ণসকলক আর্থিকভাৱে সহায়ৰ অৰ্থে ১১ ফেব্ৰুৱাৰীত জীৱন প্ৰেৰণা আঁচনি মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী আৰু যোৰহাটত নির্মীয়মান কেইবাখনো উৰণ সেতুও ফেব্ৰুৱাৰীতে মুকলি কৰা হ’ব বুলি ড° শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে ডিব্ৰুগড়ত হ’বলগীয়া বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

সমগ্র শিক্ষা, অসমে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়াক শিক্ষা সেতু এপত তেওঁলোকৰ উপস্থিতিৰ চিন দিবলৈ নিৰ্দেশ দিছে। সমগ্র শিক্ষা, অসমৰ মিছন সঞ্চালকে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে।