অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন

অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব। নির্বাচন আয়োগে আজি ২৪৩জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নির্বাচনী আচৰণ বিধি বলবৎ হৈছে। নতুন দিল্লীত আজি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ৰাজ্যখনৰ ৭ কোটি ৪৩ লাখ ভোটদাতাৰ বাবে ৯০ হাজাৰ ৭১২টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হ’ব। প্রথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে চলিত মাহৰ ১০ তাৰিখে অধিসূচনা জাৰি কৰা হ’ব। ১৭ অক্টোবৰ হ’ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ১৩ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ২০ অক্টোবৰ হ’ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে প্ৰথম বাৰৰ বাবে প্ৰতিটো সমষ্টিত একোগৰাকীকৈ সাধাৰণ পর্যবেক্ষক নিয়োগ কৰা হব। নির্বাচনী প্রক্রিয়া পুংখানুপুংখভাবে নিৰীক্ষণ কৰিবলৈও বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। কোনো ধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হ’ব। শ্রীকুমাৰে কয় যে সমগ্র ৰাজ্যখনতে পর্যাপ্ত পৰিমাণে কেন্দ্ৰীয় শসস্ত্র আসক্ষী বাহিনী মোতায়েন কৰা হ’ব। নিচাজাতীয় দ্রব্য, নগদ ধন আদিৰ ক্ষেত্ৰতো সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূর্ণভাৱে বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে এইবাৰ ১৭ টা নতুন পদক্ষেপ গ্রহণ কৰা হৈছে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটাদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হব।