August 31, 2024 7:56 PM | Prataprao Jadhav

printer

অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ’বঃ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱ

♦ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কৈছে যে, অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ’ব। তেওঁ আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আয়ুৰ্বেদক প্ৰত্যেক ঘৰলৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়াস পূৰণ কৰিবলৈ মন্ত্ৰ্যালয় বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে কয় যে, যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আৰু ইয়াৰ গ্ৰহণযোগ্যতা দ্রুতভাৱে বৃদ্ধি পাইছে। দেশত আয়ুষ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণে পৰম্পৰাগত চিকিৎসা প্ৰণালীৰো সম্প্ৰসাৰণ ঘটাব আৰু ইয়াৰ পৰা প্ৰত্যেকগৰাকী ভাৰতীয় লাভান্বিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।