ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নির্বাচনী প্ৰচাৰত ভাগ ল’ব।বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিত্ৰজোঁটৰ অগপই নিজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচন খেলিব যদিও ৰাভা হাচং যৌথ মঞ্চ আৰু গণশক্তিয়ে বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই নিৰ্বাচনত ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩২৩ খন আসনত বিজেপি মিত্রজোঁটে প্রতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ৭৪ খন আসন মিত্রদল অগপক এৰি দিয়া হৈছে। ১৭২ খন আসনত মিত্ৰজোঁটৰ মহিলা প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ হৈ ২৭ খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াইও অর্ধ শতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি দলটোৱে জানিবলৈ দিছে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।