অহা ২৭ অক্টোবৰত হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

অহা ২৭ অক্টোবৰ দেওবাৰে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতিখন জিলাৰ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, এই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে সেইদিনা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। ড০ শর্মাই লগতে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ বাবে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।