ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অহা ২৬ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ’ব মন কী বাত ১২৭ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ বিনামূলীয়া নম্বৰত ফোন কৰি এই খণ্ডটিৰ বাবে দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ আৰু মাই গভ মুকলি মঞ্চৰ যোগেদিও দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। ২৪ অক্টোবৰ পৰ্যন্ত আগবঢ়োৱা দিহা-পৰামৰ্শসমূহ গ্ৰহণ কৰা হ’ব।

ৰাছিয়াই ইউক্রেইনৰ শক্তি প্রকল্পসমূহত কালি আক্ৰমণ কৰে। ইউক্রেইনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আবাসিক এলেকা আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি ৰাছিয়াই চলোৱা ক্ষেপনাস্ত্ৰ আৰু ড্রোণ আক্ৰমণত দুজন লোকৰ মৃত্যু হৈছে। মস্কোৱে শেহতীয়াকৈ এটা প্ৰস্তাৱিত যুদ্ধবিৰতি অস্বীকাৰ কৰাৰ পাছত এই আক্ৰমণৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডুনাল্ড ট্রাপ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত হ’বলগীয়া বৈঠকখন পিছুৱাই দিয়া হৈছে। ইউক্রেইনৰ শক্তি মন্ত্ৰীয়ে এয়া এক বৃহৎ আক্রমণ বুলি উল্লেখ কৰিছে যদিও ৰাছিয়াই শেহতীয়া আক্ৰমণ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ ইপিনে ইউক্রেইনৰ সেনাবাহিনীয়ে কালি ৰাছিয়াৰ এটা ৰাসায়নিক প্ৰকল্পত আক্রমণ চলাই বুলি প্ৰকাশ কৰিছে।