অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত বাগুৰুম্বা নৃত্য পৰিবেশন কৰা হ’ব। বাগুৰুম্বা দ’হৌ-২০২৬ শীর্ষক এই পৰিৱেশনে বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰিব বুলি ৰাজ্য চৰকাৰে আশা প্রকাশ কৰিছে। ৮ হাজাৰৰো অধিক শিল্পীয়ে এই লোকনৃত্য পৰিবেশনত অংশগ্ৰহণ কৰিব। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্টেডিয়ামত অনুষ্ঠানৰ অনুশীলন কার্যসূচী পূর্ণগতিত চলি আছে। বাগুৰুম্বা নৃত্য শিল্পীসকলে অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্রহীসকলে নিজৰ এখন বৈধ পৰিচয়পত্র জমা দি অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প, পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অথবা আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্র সংগ্ৰহ কৰিব পাৰিব।
Site Admin | January 14, 2026 1:37 PM | Bagarumba Dance at Sarusajai
অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত বাগৰুম্বা নৃত্য পৰিবেশন