January 7, 2026 8:51 PM | fifa trophy

printer

অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ’ব ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ’ব। ক্রীড়া মন্ত্রী নন্দিতা গালোচাই আজি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্রফি আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোক কৃষ্টি সংস্কৃতিৰে বিশ্বকাপৰ টুফি আদৰণি জনোৱা হ’ব। বিমানবন্দৰৰ পৰা ট্রফি সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লি ৩ বজাত বর্ষাপাৰা ষ্টেডিয়ামলৈ অনা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে ট্রফি মুকলি কৰিব। ৰাজ্য চৰকাৰে ট্রফি চোৱাৰ বাবে ৮-১০ হাজাৰ বিনামুলীয়া অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।