ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 22, 2025 8:17 PM | Pope Francis

printer

অহা শনিবাৰে পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া অহা শনিবাৰে সম্পন্ন কৰা হ’ব। ৰোমৰ বেচিলিকা অৱ মেৰী মেজৰ গীৰ্জাঘৰত অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। বিশ্বৰ ভালেমান নেতা আৰু বিদেশী ৰাষ্ট্ৰৰ বিশিষ্ট ব্যক্তিয়ে পোপগৰাকীৰ অন্ত্যেষ্টিক্রিয়াত অংশগ্ৰহণ কৰিব। ১২ বছৰীয়া পোপৰ পদবীত থকা কালছোৱাৰ তেওঁৰ বাসগৃহ ছেপেল অৱ দ্যা ছাণ্টা মাৰ্টাত সম্প্ৰতি তেওঁৰ মৃতদেহ ৰখা হৈছে। ৰাইজৰ দৰ্শনার্থে কাইলৈ তেওঁৰ কফিন ভেটিকান চিটিৰ ছেণ্ট পিটাৰ্ছ বেচিলিকালৈ নিয়া হ’ব। পৰম্পৰা অনুসৰি, মৃত্যুৰ পাছত পোপসকলক ভেটিকানৰ ছেণ্ট পিটাৰ্ছ বেচিলিকাত সমাধিস্থ কৰা হয় যদিও পোপ ফ্রান্সিছে তেওঁৰ প্ৰিয় দেৱী মেডনাৰ মূৰ্তিৰ কাষত ৰোমৰ ছেণ্ট মেৰী মেজৰ বেচিলিকাত সমাধিস্থ হোৱাৰ ইচ্ছা প্রকাশ কৰিছিল। তেওঁৰ ইচ্ছা অনুসৰিয়েই শনিবাৰে সম্পূৰ্ণ কেথলিক নিয়ম অনুযায়ী পোপ ফ্রান্সিছৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। ভেটিকানৰ সূত্ৰই জনোৱা মতে, পোপ ফ্ৰান্সিছৰ মৃত্যুৰ নৱম দিনা অর্থাৎ চৰকাৰী শোকৰ সময়ছোৱা অতিবাহিত হোৱাৰ পাছত বিশ্বৰ প্ৰায় ১৪০ কোটি কেথলিক লোকৰ সৰ্বোচ্চ ধৰ্মগুৰুৰ পদত নতুন এগৰাকী ধৰ্ম যাজকক নিযুক্ত কৰা হ’ব।