ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অহা ব’হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত স্মার্ট ক্লাছ আৰম্ভ হ’ব

২০২৬ চনৰ ব’হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত স্মার্ট ক্লাছ আৰম্ভ হ’ব। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰে অধ্যয়নৰ সুবিধা লাভ কৰিব। তেজপুৰ বিশ্ববিদ্যালয়ত কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰী বিদ্যালয়সমূহত ব্যক্তিগত বিদ্যালয়তকৈ আধুনিক সা-সুবিধা অধিক থাকিব। বিদ্যালয়ত ঐচ্ছিক বিষয়ৰ বাবে শিক্ষকৰ প্ৰয়োজন সন্দৰ্ভত ডাঃ পেগুৱে কয়, যে কলাৰ দৰে বিষয়সমূহ যিকোনো এটা অঞ্চলত থকা স্বীকৃতিপ্রাপ্ত সংগীত বিদ্যালয়ত ঐচ্ছিক বিষয় হিচাপে ল’ব পৰা যাব। আনুষ্ঠানিক শিক্ষাৰ বিদ্যালয়ৰ সৈতে এনে সংগীত বিদ্যালয়ৰ বুজাবুজি চুক্তি থাকিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ঐচ্ছিক বিষয়ৰ নম্বৰ এনে সংগীত বিদ্যালয়ে প্ৰদান কৰিব। ছাত্র- ছাত্রীসকলে ফুটবল খেলকো ঐচ্ছিক বিষয় হিচাপে ল’ব পাৰিব বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে অসম ফুটবল সন্থাৰ সৈতে আলোচনা কৰিছে। ৰাজ্যৰ ঠায়ে ঠায়ে থকা ফুটবল একাডেমীসমূহত শিক্ষার্থীসকলে ফুটবলৰ পাঠ্যক্ৰম গ্ৰহণৰ সুযোগ লাভ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
এই অনুষ্ঠানতে কালি শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্ৰেড লাভ কৰা ছখন মহাবিদ্যালয়, শিক্ষাসেতু এপত সর্বাধিক উপস্থিতি থকা ৩ খন জিলাকে ধৰি শৈক্ষিক দিশত বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা কেইবাগৰাকী ব্যক্তি তথা প্রতিষ্ঠানক সম্বর্ধনা জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।