কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে দেশ নক্সালমুক্ত হব বুলি প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নৱ নিৰ্বাচিত ৬০,২৪৪ গৰাকী কনিষ্টবলক নিযুক্তিপত্ৰ প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে এঘাৰখন ৰাজ্যত নক্সালবাদী থকাৰ বিপৰীতে সদ্যহতে কেৱল ৩ খন জিলাহে নক্সালবাদী অধ্যুষিত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ আৰক্ষী বাহিনীৰ আধুনিকীকৰণ কৰা হৈছে। উত্তৰ প্ৰদেশত এই পদক্ষেপ ২০১৭ চনত আৰম্ভ হয় বুলি তেওঁ প্ৰকাশ কৰে। পূৰ্বে জাতিৰ ভিত্তিত আৰক্ষী বাহিনীত নিযুক্তি দিয়া হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি মেধাৰ ভিত্তিত সম্পূর্ণ নিকা ব্যৱস্থাৰে সকলো প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। মুখ্যমন্ত্রী যোগী আদিত্য নাথক প্ৰশংসা কৰি শ্ৰীশ্বাহে কয় যে উত্তৰ প্ৰদেশত এতিয়া কোনেও বিদ্ৰোহ নকৰে। ৰাজ্যখনত এতিয়া অপৰাধীক ভি আই পিৰ দৰে সমীহ কৰা নহয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী যোগী আদিত্য নাথে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিকদর্শনৰ অমৃতকালৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰৰৰ প্ৰতিশ্ৰুতিবদ্ধতা আজিৰ অনুষ্ঠানৰ জৰিয়তে প্ৰতিফলিত হৈছে। এই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে প্ৰশাসনৰ সকলো ইতিবাচক পদক্ষেপৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক উপকৃত কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখা বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ আৰক্ষী নিযুক্তি আৰু পদোন্নতি পৰিষদে এইবেলি ১২০৪৮ গৰাকী মহিলাকে ধৰি ৬০,২৪৪ গৰাকী কনিষ্টবলক নিযুক্তি দিছে।
Site Admin | June 15, 2025 8:46 PM | Amit Shah
অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে দেশ নক্সালমুক্ত হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ
