ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’বঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব বুলি পুনৰ ঘোষণা কৰিছে। আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। গৃহ মন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ আদিবাসী লোকসকলৰ শিল্প আৰু কাৰু শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বস্তাৰ পাণ্ডুমক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে, অহা বছৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ জিলা পৰ্যায়ৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ছত্তীশগড় ভ্ৰমণৰ সময়ছোৱাত গৃহ মন্ত্ৰীগৰাকীয়ে নক্সালবাদৰ বিৰুদ্ধে চলি থকা অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰায়পুৰত আন এখন বিভাগীয় পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।