ডাউনলোড
মোবাইল এপ

android apple
signal

September 21, 2025 10:54 AM | Amit Shah | Maoist

printer

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত দশকত উত্তৰ-পূৰ্বাঞ্চল আৰু বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্চলকে ধৰি মুঠ তিনিটা অঞ্চলৰ পৰা উগ্ৰপন্থী কার্যকলাপ ৭৫ শতাংশলৈ হ্ৰাস পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে লাভ কৰা সফলতাসমূহত আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে ১১ বছৰতকৈও কম সময়ৰ ভিতৰত চৰকাৰে দেশৰ ৬০ কোটি লোকলৈ গৃহ, বিজুলী, অনাময় ব্যৱস্থা, গেছ, খোৱাপানী আৰু ৫ লাখ টকাৰ স্বাস্থ্য বীমা আগবঢ়াইছে।