September 23, 2024 8:36 PM

printer

অহা বছৰৰ মাজভাগলৈ ১ লাখ 4G মোবাইল টাৱাৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, চৰকাৰে অহা বছৰৰ মাজ ভাগলৈকে এক লাখ 4G মোবাইল টাৱাৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰে ৩৬ হাজাৰ ৫৭৪ টা 4G মোবাইল টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনৰ সফলতা সন্দৰ্ভত এখন সংবাদ মেলক সম্বোধন কৰি শ্রীসিন্ধিয়াই এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, 4G প্রযুক্তিয়ে দেশৰ প্ৰায় সকলোবোৰ জিলাকে সামৰিবলৈ সমৰ্থ হৈছে আৰু বৰ্তমানে দেশৰ প্ৰায় ৯৭ শতাংশ চহৰ অঞ্চল আৰু প্ৰায় ৮০ শতাংশ জনসংখ্যাই 4G নেটৱৰ্কৰ সুবিধা লাভ কৰিছে।