খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহ ২০২৫ অহা নৱেম্বৰত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে এই ক্রীড়া সমাৰোহত ২০০ৰো অধিক বিশ্ববিদ্যালয়ৰ ৪ হাজাৰৰো অধিক এথলীটে ২০বিধ বিভিন্ন ক্রীড়াত ভাগ ল’ব বুলি আশা কৰা হৈছে। তেওঁ কয়, যে এই ক্রীড়া সমাৰোহে এথলীটসকলক ৰাষ্ট্ৰীয় বাছনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে বিশেষ সুযোগ প্ৰদান কৰে। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ ক্রীড়াসমূহ ২৫ বছৰ অনুৰ্ধৰ এথলীটসকলৰ বাবে অনুষ্ঠিত কৰা হয়। চলিত বৰ্ষৰ মে’ত বিহাৰত ১৮ বছৰ অনুৰ্ধৰ খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ অনুষ্ঠিত হৈছিল।
Site Admin | June 26, 2025 11:02 AM | Khelo India
অহা নৱেম্বৰত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহ ২০২৫
