December 28, 2025 8:50 PM | sports asmita

printer

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ এখন খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লত অসমৰ জয়

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজি অনুষ্ঠিত এখন খেলত অসমে-ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লৰ ব্যৱধানত জয় লাভ কৰে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত জয়েৰে অসমে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে। উল্লেখযোগ্য যে প্রথমখন খেলত অসম-বিহাৰৰ হাতত পৰাস্ত হৈছিল। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত আন এখন খেলত ওড়িশাৰ ছোৱালী দলে বিহাৰক ৭-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। অসম -ওড়িশা আৰু বিহাৰ এখনকৈ খেলত জয়ী হৈছে যদিও গলৰ গড় হিচাপত অসম শীর্ষ স্থানত আছে। লীগৰ অন্তিমখন খেলত অসম অহা ৩০ ডিচেম্বৰত ওড়িশাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কাইলৈ হ’বলগীয়া একমাত্র খেলখনত ওড়িশাই ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিব। প্রতিযোগিতাৰ নিয়ম অনুসৰি পইণ্ট তালিকাৰ শীৰ্ষ দল দুটা ফাইনেলত অৱতীৰ্ণ হ’ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।