ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসিৎপুৰ চাহ বাগিচাত বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অসিৎপুৰ চাহ বাগিচাত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতা-কৰ্মীসকলৰ উপৰি ভালেসংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে। সংগঠনটোৱে টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বাগিচাখনৰ সমস্যা সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।