কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই সংবাদ মাধ্যমযোগে কালি এই কথা প্রকাশ কৰে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা, অৱতীৰ্ণ হোৱা আৰু স্থান লাভ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি কৰিবলৈ ব্যাপক পৰিকল্পনা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন আছে বুলি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিয়ে মত প্রকাশ কৰে। এই উদ্দেশ্যেৰে সদৌ অসম ছাত্র সন্থাই অসমৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাত উৎসাহ যোগোৱা আৰু অসমৰ পৰা দক্ষ প্রশাসনিক বিষয়া সৃষ্টি কৰাৰ অর্থে বিশেষ পৰিকল্পনা গ্রহণ কৰিছে। প্রত্যাশা শীৰ্ষক প্ৰকল্পৰ অধীনত ছাত্ৰ সংগঠনটোৱে চলিত বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাত উত্তীর্ণ ২৫ গৰাকী পৰীক্ষাৰ্থীলৈ মূল পৰ্যায়ৰ পৰীক্ষাৰ বাবে সহায়-সমর্থন আগবঢ়াব। প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাত সফলতা লাভ কৰা ইচ্ছুক পৰীক্ষাৰ্থীসকলে ছাত্রসন্থাৰ ৱেবছাইট WWW.AASU.ORG.IN লৈ গৈ অহা ২৯ জুনৰ ভিতৰত প্ৰপত্ৰ পূৰ কৰি আবেদন কৰিব পাৰিব। জুলাইৰ প্ৰথম সপ্তাহতে নিৰ্বাচিত ২৫ গৰাকী প্ৰশিক্ষাৰ্থীক এই সমর্থন আগবঢ়োৱা হ’ব। যদি প্ৰাৰম্ভিক পৰীক্ষাত কৃতকাৰ্য হোৱা কোনো পৰীক্ষাৰ্থীয়ে মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে ইতিমধ্যে কোনো প্রতিষ্ঠানত নামভৰ্তি কৰিছে, তেনে পৰীক্ষাৰ্থীয়েও আবেদন কৰিব পাৰিব। প্ৰকল্পৰ দ্বিতীয় পদক্ষেপ অনুসৰি প্ৰতি বছৰে অসমৰ পৰা ২৬ গৰাকী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা নেছ’ৰ জৰিয়তে দুগৰাকীকৈ ১৪ গৰাকী অর্থাৎ মুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে ছাত্ৰ সন্থাই দিল্লীলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে। অতি শীঘ্ৰেই এই সন্দৰ্ভত ছাত্র সন্থাই বিস্তৃত ব্যাখ্যা দাঙি ধৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দিল্লীত প্ৰশিক্ষণৰ সময়ছোৱাত দিল্লীস্থিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিব। এই পৰিকল্পনা আগুৱাই নিয়াৰ ক্ষেত্ৰত অসমৰ অসামৰিক সেৱাৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ উপাচাৰ্যই ছাত্ৰ সংগঠনটোক পৰামৰ্শ আগবঢ়াব।
Site Admin | June 24, 2025 12:20 PM
অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা আছুৰ