অসামৰিক সেৱাৰ গুণগত মানে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য পূৰণ আৰু প্ৰশাসকসকলৰ গুণৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰিব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। হায়দৰাবাদত কালি বিয়লি ৰাজ্যিক লোক সেৱা আয়োগৰ অধ্যক্ষসকলৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰী ৰাধাকৃষ্ণনে কয়, যে দেশ ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে ধাৱমান হৈছে আৰু এই ক্ষেত্ৰত এনে প্ৰতিষ্ঠানসমূহ পৰিচালনা কৰা প্ৰশাসন আৰু জনসাধাৰণৰ মান নির্ণায়ক হ’ব। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিভা সেঁতুৰ উদাহৰণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে লোকসেৱা আয়োগসমূহে প্ৰতিভাৰ বাচনিৰ বাবে উদ্ভাৱনমূলক দৃষ্টিভংগীৰ অন্বেষণ কৰা উচিত। তেওঁ জ্ঞান আধাৰিত পৰীক্ষাৰ লগতে আচৰণগত আৰু নৈতিক পৰিপক্কতাৰ স্বচ্ছ আৰু সুসংহত মূল্যায়নৰো পৰামৰ্শ আগবঢ়ায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা বিশ্ব ধ্যান দিৱস উপলক্ষে হায়দাবাদৰ সমীপৰ কান্হা শান্তিবনত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব
Site Admin | December 21, 2025 10:56 AM | vice president cp radhakrishnan
অসামৰিক সেৱাৰ গুণগত মানে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰিব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ প্ৰকাশ