অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ বিমান বন্দৰত উৰান যাত্ৰী কেফে মুকলিৰ কথা ঘোষণা

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে বিমান বন্দৰত উৰান যাত্ৰী কেফে মুকলি কৰা ঘোষণাই বিমান যাত্রীসকলক বৃহৎ সকাহ দিছে। এই কেফেসমূহত খাদ্য আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তুলনামূলকভাৱে কম মূল্যত উপলব্ধ হ’ব। ইতিমধ্যে কলকাতা বিমান বন্দৰত এই ধৰণৰ প্ৰথমখন কেফে পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে। এই কেফেখনৰ সফলতাৰ পাছৰ পৰ্যায়ত দেশৰ অন্যান্য বিমান বন্দৰসমূহতো এই পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে সদৰি কৰিছে।