● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্রীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে।

ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ এই কামৰ বাবে ৰাজ্য চৰকাৰক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনটো ৯ হাজাৰ ৬১৩ বৰ্গফুট পৰিসৰৰ।

নতুন ৰাজভৱনটোত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্রধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। এই উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ভাষণ দিয়ে।


কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভার্চুৱেল ব্যৱস্থাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেণচিক গৱেষণাগাৰ উদ্বোধন কৰে। ৪৫ কোটি টকা ব্যয়সাপেক্ষে এই ফৰেনচিক গৱেষণাগাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে বিস্তৃতভাৱে ডিজিটেল অনুসন্ধানৰ সুবিধা প্ৰদানৰ লগতে আধুনিক ফৰেণচিক পদ্ধতিৰে আইন প্ৰয়োগৰ ক্ষমতা শক্তিশালী কৰা হ’ব।

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ নৱনিৰ্মিত ৰাজভৱন মুকলিৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰে। ৰাজভৱন মুকলিৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী শ্বাহে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত পঞ্চায়ত প্রতিনিধি সন্মিলনত ভাগ লয়।



দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক কালি সন্ধিয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাকে ধৰি কেইবাগৰাকী নেতাই গুৱাহাটী বিমান বন্দৰত আদৰণি জনায়।


কালি বিয়লি ভাগত অহা ধাৰাষাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি কৰা কৃত্রিম বানৰ মাজেৰে গৃহমন্ত্ৰীগৰাকীক বিমান বন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ লৈ অনা হয় । তাত তেওঁ বিজেপিৰ কৰ্ণধাৰ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্রাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ ল’ব।