আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কর্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ ৪ গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানতে শেহতীয়াকৈ অসম চৰকাৰে প্ৰদান কৰা যুৱ লেখক সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা সভাই কেইবাগৰাকী বিষয়ববীয়াক সন্মানিত কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্যপদ গ্রহণ কৰা ৯ গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে আজীৱন সদস্যৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
অসমৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্যতম শীর্ষ স্থানীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰবচ্ছিন্নভাৱে কাম কৰি আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, যে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লগতে অসমৰ বহুভাষীক সাহিত্যৰ সুৰক্ষা, সংৰক্ষণ আৰু সমৃদ্ধিত সাহিত্য সভাই অনাগত দিনত অগ্রণী ভূমিকা পালন কৰিব।
গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজি এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সহযোগত আজি দিঘলিপুখুৰী পাৰৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বৰ্মনে সভাৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সাহিত্য একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই অসমৰ খিলঞ্জীয়া লোকসলকল একত্ৰিত হোৱাৰ সময় সমাগত বুলি উল্লেখ কৰে। ইতিবাচক আদান প্ৰদান আৰু বুজাবুজিৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই অসমীয়া ভাষা বিশ্বৰ বহু ভাষাৰ তুলনাত চহকী বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে সাহিত্য সভাৰ শীৰ্ষ গীত চৰি চেনেহী মোৰ ভাষা জননীৰ লগতে অন্যান্য গীত পৰিবেশন কৰে।
বজালী জিলাৰ পাটাছাৰকুছিত আজি অসম সাহিত্য সভাৰ পাটাছাৰকুছি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শাখাৰ সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰে। প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই স্মৃতি তৰ্পন কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ জন্মলগ্ন তথা সুদীৰ্ঘ দিনৰ কৰ্মৰাজি সন্দৰ্ভত কেইবাগৰাকীও বক্তাই ভাষণ আগবঢ়ায়।
বজালী জিলাৰ নিত্যানন্দৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগতো আজি সভাৰ ১০৯ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লৈ অসম সাহিত্য সভাই জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণি সম্পর্কে ব্যাখ্যা কৰে।