অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্তৰ বাবে আজি উচ্চ পর্যায়ৰ বৈঠকৰ আহ্বান

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্ত কৰাৰ বাবে আজি সভাৰ এখন উচ্চ পর্যায়ৰ বৈঠক আহ্বান কৰা হৈছে। আনহাতে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হ’বলগীয়া নিৰ্বাচনত তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত দুয়োটা পদৰ বাবে দুজনকৈ প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱা বুলি সাহিত্য সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। এই অনুসৰি উপ-সভাপতি পদত বিপিন কলিতা, পদুম ৰাজখোৱা আৰু চহিৰ ভূঞাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। আনহাতে প্রধান সম্পাদক পদ প্রার্থীকেইগৰাকী হ’ল সঞ্জীৱ শৰ্মা, দেৱজিত বৰা আৰু অজিৎ প্রসাদ শর্মা। বিষয়ববীয়া নিৰ্বাচনৰ বাবে অসম সাহিত্য সভাৰ মুঠ ৮৪৯ খন শাখা সমিতিয়ে ভোটদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।