অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ আজি ৮৯ সংখ্যক জন্ম দিন

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ ৮৯ সংখ্যক জন্ম দিন উপলক্ষ্যে আজি ডিফুত বিশেষ কার্যসূচী অনুষ্ঠিত হয়।

ডিফু সাহিত্য সভাৰ উদ্যোগত আয়োজিত কার্যসূচীত ভালে সংখ্যক লোকে পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সাঁকো স্বৰূপ, ৰংমিলিৰ হাঁহিৰ শ্ৰষ্টা ৰংবং তেৰাঙৰ জন্মদিন উপলক্ষ্যে শুভেচ্ছা জনায়। জিলা আয়ুক্ত আৰন্য শ‍ইকীয়াই জন্মদিনত সাহিত্যিকগৰাকীক সাক্ষাৎ কৰি সু-স্বাস্থ্য কামনা কৰে।