ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 3, 2025 7:19 PM | Asom Sahitya Sabha

printer

অসম সাহিত্য সভাৰ অধিৱেশনত প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে আলোচনা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিনা বুৰঞ্জী সন্মিলনেৰে কাৰ্যসূচী আৰম্ভ হয়। প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হয়। ইয়াৰ পাছতে বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ মুৰববী অনিল বড়োৱে উদ্বোধন কৰা এই সমাৰোহত নসত্ৰৰ শৈক্ষিক কলাগুৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক মৃণাল কুমাৰ বৰা, বিশিষ্ট লোকসংস্কৃতিবিদ ড০ বিজয় কুমাৰ শৰ্মা আৰু ঢেকীয়াজুলীৰ অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰীয়ে অংশগ্ৰহণ কৰে। সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য সভাৰ দ্বিতীয় মুকলি সভা প্রাক্তন সভাপতি ড০ কুলধৰ শ‍ইকীয়াই উদ্বোধন কৰে। ইপিনে সভাৰ লগত সংগতি ৰাখি আজি যুৱ সংসদ, সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।