অসম সন্তান ড° মুকুট গোহাঁইৰ যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাৰ বিশেষ বঁটা লাভ

অসম সন্তান ড° মুকুট গোহাঁইয়ে যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাটোৰ বিশেষ বঁটা লাভ কৰিছে। এই বঁটাৰ অংশ হিচাপে গৱেষণাৰ বাবে প্ৰয়োজনীয় অনুদান লাভ কৰিব। প্ৰথম পৰ্যায়ত ৩ বছৰৰ বাবে আর্থিক অনুদান আগবঢ়ায় সংস্থাটোৱে গৱেষণাৰ অগ্ৰগতিৰ ভিত্তিত ইয়াৰ সময়সীমা আৰু অনুদানৰ পৰিমাণ বৃদ্ধি কৰিব। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱৰ সন্তান ড° গোহাঁইৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে আমেৰিকাৰ ভার্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ মেডিচিন ফ’ৰ অলৰ সৈতে যৌথ গৱেষণাত যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্রযুক্তি উদ্ভাৱন কৰিছে। তেওঁ লগতে উন্নত মানৰ ঔষধি গুণ যুক্ত জৈৱ যৌগৰ অন্বেষণ আৰু আৱিষ্কাৰৰ সৈতে জড়িত হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।