ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব৷

মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক পাঁচ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণতো মন্ত্রীসভাই অনুমোদন জনায়।
চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্রয়ত অনুমোদন জনোৱা লগতে মন্ত্রীসভাই স্নাতক প্রথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১২৬ কোটি ৯৭ লাখ টকাৰ বিত্তীয় আৱণ্টন দিয়ে। কালিৰ বৈঠকত মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা লাভ কৰা এহেজাৰ ২৩১ গৰাকী কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদানত অনুমোদন জনোৱা হয়।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১০ হাজাৰ ১৮৬ গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিতো মন্ত্রীসভাই অনুমোদন জনায়। ৰাজ্যৰ গ্ৰামাঞ্চলত সকলো ধৰণৰ বতৰৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ বাবে দীর্ঘস্থায়ী গ্রাম্য দলং কাৰ্যসূচীৰ বাবে মন্ত্রীসভাই ৪ হাজাৰ ৮১৬ কোটিতকৈও অধিক টকাৰ সংশোধিত প্রশাসনিক ব্যয়ত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত ৩৫০ খন নতুন দলং নির্মাণ, ১০৩ খন ঠেক পকী দলং বহল কৰা, ৬৯৪ খন বিভিন্ন কাৰণত সংকটপূৰ্ণ দলঙৰ মেৰামতি আদিৰ কাম সামৰি লোৱা হ’ব। এই বৈঠকতে ৪ হাজাৰ ২৮৭ কোটি টকা ব্যয়ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ নির্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়ন, বিশেষ চিকিৎসা উপলভ্যতা আৰু গুণগত মান বৃদ্ধিৰ বাবে আস্থা প্রকল্পত অনুমোদন জনোৱা হয়। তামিলনাডুৰ দুৰ্ঘটনাত নিহত ৯ জন ভুক্তভোগীৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্রদানতো মন্ত্রীসভাই অনুমোদন জনায়।
ইপিনে বৰাক উপত্যকাৰ শিলচৰত ৫৬৪ কোটি ৫০ লাখ টকা ব্যয়ৰে এটা উৰণ সেতু নির্মাণ প্রকল্পত মন্ত্রীসভাই অনুমোদন জনাইছে। প্ৰকল্পটোৰ অধীনত ট্রাংক ৰোডৰ পৰা কেপিটেল পইণ্ট হৈ ৰাঙিৰ খাৰীলৈকে এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব।