ডাউনলোড
মোবাইল এপ

android apple
signal

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্রদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি গোট গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। এই গোটসমূহ আঠজনীয়া হ’ব। ইয়াৰ উপৰি বনৰীয়া হাতীয়ে যাতে পৰ্যাপ্ত খাদ্য লাভ কৰে সেই উদ্দেশ্যে হাতী-মানুহৰ অধিক সংঘাত হোৱা স্থানসমূহত বাঁহ গছ, নেপিয়াৰ ঘাঁহ আদি ৰোপণ কৰা হ’ব।

মন্ত্রীসভাই পহিলা অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা বৰ্তমানৰ ৯ হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। বনাঞ্চলৰ গাঁৱৰ গাঁও প্রধানসকলেও এই বৰ্ধিত দৰমহা লাভ কৰিব। ২০২৫-২৬ বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুযায়ী এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
মন্ত্রীসভাই ৰাজ্যৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকলক মাহিলী বৃত্তি হিচাপে পোন্ধৰশ টকাৰ বিত্তীয় সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক ক্ৰমে আঠ হাজাৰ আৰু চাৰি হাজাৰ টকালৈ বৃদ্ধিত অনুমোদন দিয়া হৈছে।
মন্ত্রীসভাই পহিলা নৱেম্বৰৰ পৰা ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষার্থীসকলক শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰতি মাহে ৩০০ টকাকৈ প্ৰদানৰ উদ্দেশ্যে প্ৰেৰণা আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে।
কালিৰ বৈঠকত সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে প্ৰদান কৰা জি এছ টিৰ ৰাজ্য চৰকাৰৰ অংশ ওভোতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে। চিকিৎসা ব্যয় পৰিশোধ কৰিব নোৱাৰা কোনো ব্যক্তিৰ মৃতদেহ ব্যক্তিগত চিকিৎসালয় কর্তৃপক্ষই পৰিয়ালৰ লোকক গতাই নিদিয়াকৈ থাকিব নোৱাৰিব। চিকিৎসালয় কর্তৃপক্ষই মৃতদেহ ওভোতাই দিবলৈ অস্বীকাৰ কৰিলে তেনে লোকৰ পৰিয়ালে ১০৪ নম্বৰত ফোন কৰি অথবা স্থানীয় থানাত অৱগত কৰিলে আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে এটা মৃতদেহ চাৰি ঘণ্টাতকৈ অধিক সময় আৱদ্ধ কৰি ৰাখিলে তেনে চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ তিনি মাহৰ পৰা ছমাহলৈ বাতিল কৰা হ’ব আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব।

ইয়াৰ উপৰি মন্ত্ৰীসভাই হোজাইত ৰবীন্দ্ৰ নাথ টেগৰ ইউনিভাৰ্ছিটীৰ নাম ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয় নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে মন্ত্ৰীসভাই লখিমপুৰ জিলাৰ মৰনৈ-বেবেজীয়া আৰু বেবেজীয়া নামৰ গাঁও দুখন জনজাতীয় আবেষ্টনী আৰু উন্নয়ন খণ্ডৰৰ আওতাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত লয়। ১ লাখতকৈ অধিক জনসংখ্যা থকা পৌৰসভাসমূহত অভিযন্তা পদ সৃষ্টিৰ প্ৰস্তাৱতো মন্ত্রীসভাই অনুমোদন জনায়।