লক্ষ লক্ষ অনুৰাগীক কন্দুৱাই আজি অসম ভূমিত সমাধিস্থ হ’ল গানৰ উজ্বল জ্যোতিষ্ক। তেজ মঙহৰ পৃথিৱী নেওচি গুণমুগ্ধসকলৰ পৰা কায়িকভাৱে চিৰ বিদায় লৈছে আপোন শিল্পী জুবিন গাৰ্গে।
অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ ‘জুবিনক্ষেত্ৰত সম্পূৰ্ণ ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হয়। অগণিত অনুৰাগীয়ে অশ্রু অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্বৰে মায়াবিনী গীত গাই শেষ শ্রদ্ধা জ্ঞাপন কৰে।
আজি দিনৰ প্ৰায় ১১ বজাত বেদ মন্ত্রোচ্চাৰণ আৰু গীতাপাঠৰ পৱিত্ৰ পৰিৱেশত শিল্পীগৰাকীৰ অন্তিম সংস্কাৰ আৰম্ভ হয়। অগণন অনুৰাগীয়ে প্ৰখৰ ৰ’দকো নেওচি দচকুত লোতক লৈ শিল্পীগৰাকীৰ অন্তিম বিদায়ৰ ক্ষণ প্রত্যক্ষ কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, প্রধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও সমাধিস্থলীত প্রিয় শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰে। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, এবছু, আটাছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়েও শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যখনৰ আৱাসিক আয়ুক্তই জনতাৰ শিল্পীজনক শেষ শ্রদ্ধা জনায়।
মৰমৰ পুত্ৰক সমাধিস্থলীত শেষবাৰৰ বাবে হেঁপাহ পলুৱাই চাই আৱেগবিহ্বল হৈ পৰে শিল্পীগৰাকীৰ পিতৃ । গানেৰে জগত জিনা স্বামীক একাঁজলি অশ্ৰুৰে অজান দেশলৈ বিদায় দিলে পত্নী গৰিমা গাৰ্গে। জ্যেষ্ঠ ভাতৃক এথোপা ফুলেৰে ভগ্নী পামী বৰঠাকুৰেও বিদায় জনায়। তাৰ পাছত যথাৰীতি ধৰ্মীয় পৰম্পৰাৰে চিতাত তোলা হয় জুবিন গাৰ্গৰ দেহ। ভগ্নী পামী বৰঠাকুৰে চিতাত মুখাগ্নি কৰে। তেওঁক সহযোগ কৰে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি বাক্সা জিলাৰ বাহবাৰীত মানস ৰাষ্ট্ৰীয় উদ্যান জীপ চাফাৰী এছোছিয়েছনৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সহযোগত এটা কাৰ ৰেলী উলিওৱা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্রবেশদ্বাৰত আৰম্ভ হোৱা এই ৰেলী পুনৰ উদ্যানখনৰ বাহবাৰী সংমণ্ডলত সামৰণি পৰে। ৰাজ্যৰ অন্যান্য জিলাতো আজি শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।
Site Admin | September 23, 2025 7:33 PM | Jubin Garg Death
অসম ভূমিত সমাধিস্থ হ’ল গানৰ উজ্বল জ্যোতিষ্ক