ডাউনলোড
মোবাইল এপ

android apple
signal

September 6, 2025 1:45 PM | CID investigation

printer

অসম বীজ নিগমত সংঘটিত ৪ কোটি টকীয়া বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ

অসম আৰক্ষীৰ চি আই ডিয়ে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ অন্যতম অসম বীজ নিগমত সংঘটিত ৪ কোটি টকীয়া বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ২০১৭চনত মটৰ মাহ বিতৰণক লৈ এই অনিয়ম সংঘটিত হৈছিল। কোভিডজনিত মহামাৰীৰ বাবে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈছিল যদিও চি আই ডিয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী সূত্ৰই সদৰি কৰা মতে তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে কালি নিগমত কৰ্মৰত ৩জন বিষয়া-কৰ্মচাৰী ক্ৰমে আল্পনা বড়ো, প্রিয়ংকা হাজৰিকা, দেৱাশীষ সেনগুপ্তাক চি আই ডিয়ে তলব কৰিছে। কালি এই তিনিওজন বিষয়াক কেইবাটাও দলে পৃথকে পৃথকে জেৰা চলায়। আজি নিগমটোত কৰ্মৰত ললিতা দাস আৰু নৱনীতা শ‍ইকীয়া নামৰ কৰ্মচাৰী দুজনক চি আই ডিয়ে তলব কৰিছে। কাইলৈ নিগমটোৰ মহাপ্ৰবন্ধক ড০ নন্দী ৰায়ক তলব কৰিব। সূত্ৰটোৱে সদৰি কৰা মতে ২০১৭ চনত অসম চৰকাৰৰ অধীনস্থ অসম বীজ নিগমে কৃষকৰ মাজত মটৰ মাহৰ সঁচ বিতৰণৰ বাবে নিবিদাৰ আহ্বান কৰিছিল। এই নিবিদাৰ মূল্য আছিল ৪ কোটি টকা। কিন্তু নিবিদা অনুসৰি কৃষকক মটৰ মাহৰ সঁচ বিতৰণৰ সলনি একাংশ বিষয়া-কৰ্মচাৰীয়ে ধুবুৰীৰ ধনৰাজ এণ্টাৰপ্ৰাইজ নামৰ ফাৰ্মখনৰ স্বতাধিকাৰী অজয় ম’ৰৰ সৈতে মিলি ভুৱা নথিপত্ৰৰে নিবিদাৰ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। বহু ভুক্তভোগীয়ে আৰক্ষীক দিয়া গোচৰৰ ভিত্তিত চি আই ডিয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে।