অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি সন্ধিয়া সামৰণি পৰে। ছিকিমৰ বিশিষ্ট পৰিৱেশকর্মী ছ’নাম বাংচুকে উদ্বোধন কৰা এই আলোচনাচক্ৰত ষষ্ঠ অনুসূচী সম্পর্কে বহুলভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী সম্পূৰ্ণ হোৱা উপলক্ষে ৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অহা বিশিষ্ট শিক্ষাবিদ আৰু অধ্যাপকসকলে ষষ্ঠ অনুসূচী সন্দৰ্ভত আলোচনাৰ বাবে নিজ নিজ প্রতিবেদন দাখিল কৰে। ৰমন মেগচেছে বঁটাপ্ৰাপক ছ’নাম ৱাংচুকে পাহাৰীয়া জিলাখনৰ দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ শাসন প্ৰণালী আৰু ক্ষমতা সম্পর্কে অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰা বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।