ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে কালি অসম বিধানসভাই শীতকালীন অধিবেশনৰ প্ৰথম দিনটোতে অসম বহু বিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন কৰে। ৰাজ্যৰ ষষ্ঠ অনুসূচী এলেকা আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ লোকৰ ক্ষেত্ৰত এই বিধেয়ক বলবৎ হ’ব। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্রী জীবিত থকা অৱস্থা আৰু আইনী প্ৰক্ৰিয়াৰে বিচ্ছেদ নহ’লে পুনৰ বিবাহপাশত আৱদ্ধ হ’ব নোৱাৰিব। এই নির্দেশ অমান্য কৰিলে ৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হ’ব। তদুপৰি, কোনো লোকে পূৰ্বৰ বিবাহ গোপনে ৰাখি পুনৰ বিবাহ পাশত আৱদ্ধ হ’লে ১০ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা ভৰিব লাগিব। আইন উলংঘা কৰি বহু বিবাহত সহায় কৰা কাজি বা পুৰোহিতৰ বাবে ২বছৰৰ কাৰাদণ্ড আৰু ডেৰ লাখ টকা জৰিমনাৰ ব্যৱস্থাও বিধেয়কখনত ৰখা হৈছে। এই বিধেয়কৰ অধীনত কোনো ব্যক্তিক ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে তেনে ব্যক্তি ৰাজ্য চৰকাৰৰ কোনো পুঁজি আৰু নিযুক্তিৰ বাবে যোগ্য বিবেচিত নহ’ব। বিধেয়কখনত বহু বিবাহৰ ভুক্তভোগী মহিলাৰ ক্ষতিপূৰণৰ বাবে প্ৰাধিকৰণ গঠন কৰাৰ কথাও বিবেচনা কৰা হৈছে।
Site Admin | November 26, 2025 12:26 PM | Assam Assembly New Bill
অসম বিধানসভাj শীতকালীন অধিবেশনৰ প্ৰথম দিনটোত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন