অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি তৃতীয় দিন

● অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ ব্যৱস্থা কৰা হ’ব। আজি অধিবেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সম্পর্কিত ২০২৫-২৬ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ’ব। ইয়াৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰতো ভোটদান হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সদনত প্ৰথমদিনাই উত্থাপন কৰা অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ বিবেচনা আৰু গ্ৰহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী সংশোধনী বিধেয়ক-২০২৫ আৰু অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক-২০২৫ ও উত্থাপন কৰাৰ কথা। বিত্তমন্ত্রী অজন্তা নেওগে আজি সদনত অসম বিনিয়োজন বিধেয়ক-২০২৫ উত্থাপন কৰিব। শ্রীমতী নেওগে অসম সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক-২০২৫ আৰু অসম কৰ আৰোপ সংশোধনী বিধেয়ক-২০২৫ বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিব। একেদৰে, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক-২০২৫ বিবেচনা আৰু গ্ৰহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক-২০২৫ আৰু চুকাফা বিশ্ববিদ্যালয়-২০২৫ বিবেচনাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। সমবায় মন্ত্ৰী যোগেন মহনে অসম সমবায় সমিতি সংশোধনী বিধেয়ক-২০২৫ সদনত উত্থাপন কৰিব। পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পালে জীৱ-জন্তুৰ বিৰুদ্ধে নিষ্ঠুৰতা প্ৰদৰ্শন প্ৰতিৰোধ সংশোধনী বিধেয়ক-২০২৫ আৰু শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই অসম বিপণী আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫ বিবেচনাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব।