অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত ৩ খন নতুন আৰু ১২ খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ নামেৰে দুখন নতুন বিশ্ববিদ্যালয় হ’ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক-কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই ২০২৫ৰ নিৰ্দিষ্ট সংশোধনী বিধেয়কখনৰ জৰিয়তে শিক্ষা বিভাগে প্ৰস্তাৱ দিছে। এই সংশোধনী বিধেয়ক পাৰিত হ’লে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানত বছৰৰ পাছত বছৰজুৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক-কর্মচাৰীৰ পদসমূহ শীঘ্ৰেই প্ৰাদেশিকীকৰণ হ’ব। এই বিধেয়কখনৰ উপৰি শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্রণ সংশোধনী বিধেয়ক, মিচিং স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, ৰাভা হাচং স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, তিৱা স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, দেউৰী স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত সংশোধনী বিধেয়ক সদনত উত্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।