অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত

■ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত ১১ খন বিধেয়ক উত্থাপন হ’ব। ইয়াৰে তিনিখন নতুন আৰু ৮ খন সংশোধনী বিধেয়ক।
প্রশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কামকাজ আৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এছ আই টিৰ তদন্ত সন্দৰ্ভত সৰব হৈ পৰে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয়, যে জুবিনৰ আদৰ্শৰ অপব্যাখ্যা কৰা হৈছে। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুৰ প্ৰসংগও টানি আনে। তেওঁ কয়, যে জীৱন আৰু সমাজ সম্পৰ্কে জুবিন গাৰ্গৰ নিজস্ব জীৱনবীক্ষা আছিল। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা স্বাভাৱিক নহয় বুলি সদনত উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰত ইতিমধ্যে সাতগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক বর্তমান জেলত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটাদিনতে প্রশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্রীসভাই লোৱা সিদ্ধান্ত অনুসৰি ১৯৮৩ চনত নেলীত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰৰ অধিৱেশনত দাখিল কৰা হ’ব। তদুপৰি ছটা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা ৯ বাজি ১৫ মিনিটৰ পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।