অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

● অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কৰ্মদিন থাকিব। কিছু সময়ৰ পাছতে আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰা হ’ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটাদিনতে প্রশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্রীসভাই লোৱা সিদ্ধান্ত অনুসৰি ১৯৮৩ চনত নেলীত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভূৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰৰ অধিৱেশনত দাখিল কৰা হ’ব। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা ৯ বাজি ১৫ মিনিটৰ পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব।