অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিশপুৰত অহা ২৫ নৱেম্বৰত আৰম্ভ হ’ব

অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিশপুৰত অহা ২৫ নৱেম্বৰত আৰম্ভ হ’ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰা হ’ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এই বিষয়ে প্ৰকাশ কৰিছে। তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদনৰ লগতে নেলী হত্যাকাণ্ডক লৈ গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ’ব। একেদৰে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান আৰু অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ শিক্ষাৰ্থীসকলৰ বাবে ৪ খনকৈ আসন সংৰক্ষণ কৰাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।