● অসম বিধানসভাৰ ৬জন বিধায়ক আৰু ৪জন সচিবসহ ১০জনীয়া এটা দলে কালি দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। দলটোৱে কালি বিয়লিৰ ভাগত ভাৰত-বাংলাদেশ সীমান্তত চলি থকা খহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অহা দলটোৱে সন্ধিয়া হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও বিভাগৰ সৈতে আলোচনাত মিলিত হয়।
সভাত বিভিন্ন বিভাগৰ মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়া আৰু মানকাচৰৰ বিধায়ক আমিনুল ইছলাম উপস্থিত থাকে।