অসম বিধানসভাৰ বাজেট অধিবেশনত বিৰোধী ৫ বিধায়কক সদনৰ পৰা বহিষ্কাৰ

■ অসম বিধানসভাত আজি বিত্তীয় বিধেয়ককে ধৰি অন্যান্য বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। এই বিষয়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ আব্দুল কালাম ৰছিদ আলম, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু এ আই ইউ ডি এফৰ আশ্রাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। প্রশ্নোত্তৰ কালৰ পাছত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মন্ত্রী অশোক সিংহলে সদনৰ বাহিৰত এটা বিশেষ জনগোষ্ঠীক লৈ আপত্তিজনক মন্তব্য কৰাক লৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ ফলত সদনৰ কাৰ্যক্ৰমণিকা কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। উপাধ্যক্ষ ড০ নোমল মমিনে এয়া সদনৰ ভিতৰৰ বিষয় নহয় বুলি মন্তব্য কৰে। এই কথাত এ আই ইউ ডি এফৰ বিধায়কসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দলটোৰ বিধায়কসকলক উপাধ্যক্ষই ১০ মিনিটৰ বাবে সদনৰ পৰা নিলম্বন কৰে।