অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ দলৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

● অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ এটা দলে কালি ডিমা হাচাও জিলাৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাৰ নেতৃত্বৰ দলটোৱে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়িত উন্নয়নমূলক কাম-কাজসমূহৰ বুজ লয়। এই দলটোত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়া, কাটলিচেৰাৰ বিধায়ক চুজামুদ্দিন লস্কৰৰ উপৰি কেইবাগৰাকীও শীর্ষ চৰকাৰী বিষয়া উপস্থিত থাকে। দলটোৱে আন্তঃগাঁথনিমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে বিভিন্ন বিষয়া সন্দৰ্ভত আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।