ডাউনলোড
মোবাইল এপ

android apple
signal

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে।
এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় ৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ১৮ লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ ৩৭ দশমিক ২ লাখলৈ বৃদ্ধি কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ সংখ্যাও পূৰ্বৰ ২৮ লাখৰ পৰা ৩৭ লাখ ২০ হাজাৰলৈ বৃদ্ধি কৰা হ’ব। এই আঁচনিৰ অধীনত প্ৰদান কৰি অহা ধন মাহে এহেজাৰ ২৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। প্রত্যাশিতভাৱেই বিত্তমন্ত্ৰী অজন্তা নেওগে এখন নির্বাচনমুখী বাজেট আজি বিধানসভাত উত্থাপন কৰিলে। তেওঁৰ বাজেট ভাষণৰ আৰম্ভণিতেই বিত্তমন্ত্ৰীগৰাকীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে ৰাজ্যৰ বাজেট উত্থাপন কৰাটো এটা গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ দাবী কৰে, যে দেশৰ ৰাজ্যসমূহৰ ভিতৰত ঋণ আৰু মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদনৰ অনুপাত অসমত নিচেই কম। ২৪ দশমিক ৩ অনুপাতেৰে অসম দেশৰ ৰাজ্যসমূহৰ উণবিংশ স্থানতহে আছে। নীতি আয়োগৰ শেহতীয়া তথ্য অনুসৰি অসম চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ৰাজ্যখনৰ ৪৬ লাখ ৮৭ হাজাৰ লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ প্ৰধান ধ্বজাবাহী আচনি- অৰুণোদয়ৰ তৃতীয় পৰ্যায়ত ২০২৫-২৬ বৰ্ষত প্ৰায় ৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে বুলি আজি বিত্তমন্ত্রী নেওগে বাজেট ভাষণত উল্লেখ কৰাৰ সময়ত শাসক পক্ষৰ সদস্যসকলে বিপুল কৰতালিৰে ইয়াৰ সমৰ্থন জনায়। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ১৮ লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ ৩৭ দশমিক ২ লাখলৈ বৃদ্ধি কৰা হব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। অসম চৰকাৰৰ বিধৱা পেঞ্চনৰ পৰিমাণো অৰুণোদয় আঁচনিৰ ধনৰ সমান অর্থাত মাহে ১২৫০ টকা কৰা হব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ অভিলাসী আঁচনি নিযুত মইনা আচনিখনৰ অধীনত মুঠ ৰাজ্যখনৰ একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ আৰু বি এড পাঠ্যক্ৰমত অধ্যয়নৰত ৪ লাখ ৩০ ছাত্ৰীক সামৰি লোৱাৰ প্ৰস্তাৱ বাজেটত ৰখা হৈছে। তদুপৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত পৰৱৰ্তী বিত্তীয় বছৰত ৰাজ্য চৰকাৰে মুঠ ৩ হাজাৰ ৩৮ কোটি টকা ব্যয কৰিব আৰু অহা পহিলা এপ্ৰিলত বিহালী সমষ্টিত এই আঁচনিৰ শুভাৰম্ভ কৰা হব। লাখপতি বাইদেউ আঁচনিৰ অধীনত এইবাৰৰ বাজেটত ২৫০ কোটি টকা, মহিলা ষ্টার্টআপ উদ্যমীলৈ আগবঢ়োৱা হব। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত এই বছৰৰ অক্টোবৰ মাহৰ পৰা খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক প্রতি কেজি মচুৰ দাইলত ২৫ টকা, প্রতি কেজি চেনিত ২০ টকা আৰু প্ৰতি কেজি নিমখত ১০ টকাকৈ ৰাজ সাহাৰ্য প্ৰদান কৰা হব। ইয়াৰ বাবে বাজেটত ৩৭০ কোটি টকা আচুতিয়াকৈ ৰখা হব। কৰ্মচাৰীসকললৈ আগবঢ়োৱা আপোন ঘৰ আৰু আপোন বাহন আঁচনি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ঠিকাভিত্তিক কৰ্মচাৰীলৈ সম্প্ৰসাৰিত কৰা হব। জীৱনধাৰা আৰু ঘৰুৱা বিদ্যুত ব্যৱহাৰকাৰীসকলক সকাহ দিয়াৰ বাবে প্ৰতি মাহে ১২০ ইউনিটতকৈ কম বিদ্যুত ব্যৱহাৰ কৰা গ্ৰাহকসকলক প্রতি ইউনিটত এটকাকৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হব। ৰাজ্যখনৰ আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ লাহোৱালত থকা পলিটেকনিক প্রতিষ্ঠানখনক আভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰা, দৰং জিলাত নতুন চিকিত্সা মহাবিদ্যালয় স্থাপনৰ বাবে বাজেটত ৫৮২ কোটি টকা, উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন উচ্চ ন্যায়ালয় ভৱন নিৰ্মাণৰ বাবে ৪০৫ কোটি টকা, গুৱাহাটী নেহৰু ষ্টেডিয়ামত ফিফাৰ অধীনত ফুটবল প্রশিক্ষণ কেন্দ্র স্থাপনৰ বাবে ৬৭৫ কোটি টকা, শিলচৰত এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ৭০০ কোটি টকা, গোলাঘাটৰ পাণবাৰীত প্রাকৃতিক ইতিহাস সংগ্ৰহালয় নিৰ্মাণৰ বাবে ৫০০ কোটি টকা আৰু কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয়, পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয় আৰু সৈনিক স্কুল নিৰ্মাণৰ বাবে ৯৫০ কোটিৰো অধিক টকা আৱণ্টন দিয়াৰ প্ৰস্তাৱ কৰা হৈছে। মধুপুৰ সত্ৰৰ বাবে অসম চৰকাৰে ৫০ কোটি টকাৰ সাহাৰ্য আগবঢ়োৱাৰ বাবে বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰে। অসম চুক্তিৰ ষষ্ঠ দফাৰ ৰূপায়ণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰি বিত্ত মন্ত্ৰীয়ে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ১০০ কোটি টকাৰ এককালীন সাহার্য, সকলো জিলা সদৰত অত্যাধুনিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নিৰ্মাণৰ বাবে ৭০০ কোটি টকাৰ অভিলাসী আঁচনিৰ কথা ঘোষণা কৰে। চলিত বিত্তীয় বছৰত ১২ খন জিলা সদৰত এই ভৱন নিৰ্মাণৰ বাবে ২৪০ কোটি টকা আৱণ্টন কৰা হব। উত্তৰ গুৱাহাটীৰ শিলাত থকা ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠানত ডিগ্ৰী পৰ্যায়লৈ উন্নীত কৰা হব আৰু গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ উন্নয়নৰ বাবে পর্যাপ্ত সাহার্য আগবঢ়োৱাৰ কথাও আজিৰ বাজেটত উল্লেখ কৰা হয়। শিলচৰৰ অসম বিশ্ববিদ্যালয় মূল চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আৰু তেজপুৰ বিশ্ববিদ্যালয়ত সাহিত্যকান্দাৰী পদ্মনাথ গোহাঁইবৰুৱাৰ নামত আসন প্রতিষ্ঠাৰে অসমীয়া বিষয় প্ৰৱৰ্তন কৰা হব। তদুপৰি ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ৰাজ্যিক আৰু কেন্দ্ৰীয় শিক্ষা পৰিষদৰ অধীনৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষাদান বাধ্যতামূলক কৰাৰ আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰা হব। ষষ্ঠ অনুসূচীৰ অধীনৰ ৰাজ্যখনৰ স্বায়ত্ব শাসিত পৰিষদ কেইখনলৈ পুঁজি যোগানৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয়, যে বড়োলেণ্ড আঞ্চলিক পৰিষদলৈ এহেজাৰ ১৪৩ কোটি, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদলৈ ৬২১ কোটি টকা আৰু উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদলৈ ৩০৬ কোটি টকা আগবঢ়োৱা হব। লোকনিৰ্মাণ বিভাগত স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় নিৰ্মাণ কাৰ্য তদাৰকৰ বাবে এটা সুকীয়া বিভাগ লোকনিৰ্মাণ বিভাগৰ ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ পৰা পৃথক কৰি সৃষ্টি কৰা হব। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা দশম অসম আৰক্ষী বেটেলিয়ানক সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হব আৰু এই স্থানত বিশ্বমানৰ ছেণ্ট্ৰেল বিজিনেছ ডিষ্ট্রিক নির্মাণেৰে অত্যাধুনিক আন্তঃগাঁথনি সৃষ্টি কৰা হব। ইয়াৰ উপৰি আছাম ছেট নামেৰে অসমৰ নিজা কৃত্রিম উপগ্রহ মহাকাশত স্থাপন, অসমত প্রথম বেম্বো স্মার্ট ছিটী, অসম আৰক্ষীক কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে এণ্টি DEEPFAKE আৰু নিৰীক্ষণ পৰীক্ষাগাৰ স্থাপন, খানাপাৰাৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ ৰজ্জুপথ নির্মাণ, ফাচী বজাৰৰ পৰা বিমান বন্দৰলৈ অত্যাধুনিক ৱাটাৰ মেট্রো প্ৰৱৰ্তন আদি কেইবাটাও অভিলাসী প্রকল্প নিৰ্মাণৰ কথা বিত্তমন্ত্ৰীয়ে আজিৰ বাজেট ভাষণত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক