কংগ্ৰেছ, এ আই ডি ইউ এফ, ৰাইজৰ দল আৰু চি পি এমে আজি সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমর্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে জুবিনৰ গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি বি আইৰ তদন্ত দাবী কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও অনুৰূপ দাবী উত্থাপন কৰে। বিধায়কগৰাকীয়ে লগতে জুবিন গাৰ্গক ভাৰতৰত্ন সন্মান প্ৰদানৰ বাবে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। বিৰোধী দলসমূহৰ বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডত এজন বিশেষ ব্যক্তি জড়িত হৈ আছিল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সেই ব্যক্তিজনক আন কেইজনমান ব্যক্তিয়ে সহযোগ কৰিছিল বুলিও তেওঁ কয়।
Site Admin | November 25, 2025 9:52 PM | Assam Assembly
অসম বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ